গাভিনী ছাগলীৰ ল'বলগীয়া সাবধানতা

  1. পোৱালী দিয়াৰ ৬-৮ সপ্তাহ আগতে গাখীৰ খিৰোৱা বা পোৱালীয়ে খোৱা বন্ধ কৰিব
  2. গাভিনী অৱস্তাত বিশেষত: শেষৰ দুমাহত কুমলীয়া ঘাঁহ আৰু তৰল খাদ্য সঠিক পৰিমানত যোগান ধৰিব, লগতে ৪৫০ গ্ৰাম সুষম দানা যোগান ধৰিব
  3. হঠাতে খাদ্য তালিকা সলনি নকৰিব
  4. খদ্যত যথেষ্ট পৰিমানে প্ৰটিন আৰু মিনাৰেল মিক্সাৰ থকা দৰকাৰ
  5. সকলো সময়তে পৰিস্কাৰ পানীযোগান ধৰিব
  6. গাভিনী অৱশ্হাত ছাগলীজনীক পৃথককৈ ৰখা দৰকাৰ| জাকত থাকিলে আন ছাগলীৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা থাকে|
  7. ছাগলীজনীক পোৱালী দিয়াৰ ১৫ দিনমান আগৰ পৰা কোমল বিছনা (খেৰৰ দ্বাৰা বনোৱা) যোগান ধৰা উচিত|
  8. শেষৰ সপ্তাহত সুষম দানা ১০০ গ্ৰামলৈ হ্ৰাস কৰা উচিত