ধানৰ শূৰ পোক সম্পর্কে জানিবলগীয়া কথা

অসমৰ বিভিন্ন অঞ্চলৰ লগতে বৰপেটা জিলাতো ধানত শূৰ পোকৰ আক্ৰমণ পৰিলক্ষিত হৈছে ৷ এই পোকবিধে সাধাৰণতে নিশাৰ ভাগতহে আক্ৰমণ কৰে ৷ এডৰা মাটিত আক্ৰমণ কৰি শেষ কৰাৰ পাছত ততালিকে ধানৰ আলি পাৰ হৈ আন এডৰা ধাননিলৈ ঢাপলি মেলে৷ পোকটোৱে পাতটোৰ দুয়োফালৰ পৰা এনেদৰে খায় যে শেষত পাতৰ মধ্যশিৰা আৰু কান্ডডালহে বাচি থাকে৷ ইহতে ধানৰ শীহৰ গুৰিটো কাটে ৷ যাৰ ফলত উৎপাদন একেবাৰে নাইকিয়া হৈ যায়৷

নিয়ন্ত্ৰণৰ উপায় :

  • আক্ৰমণ কৰা খেতিডৰাৰ চাৰিওফালে মালাথিয়ন ৫% গুৰি ধানৰ আলিবোৰত চটিয়াই পোকবোৰৰ গতি ৰোধ কৰক ৷
  • আক্ৰান্ত খেতিডৰাৰ মাজে মাজে বাহৰ জেং পুতি চৰাই-চিৰিকতি বহিব পৰাৰ ব্যবস্হা কৰক৷ সাধাৰণতে বগলী চৰাইয়ে এই পোকবিধ যথেষ্ট পৰিমাণে ভক্ষণ কৰে ৷
  • আক্ৰান্ত খেতিডৰাত ক্ল’ৰপাইৰিফচ-২০ ই.চি.(ট্ৰাইচেল) ২ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই বা ট্ৰায়ায’ফচ (ঘাটক) নামৰ দৰব বিধৰ ২.৫ মি.লি. প্ৰতি লিটাৰ পানীত মিহলাই ভালদৰে স্প্ৰে কৰক ৷

Tags: