নৱ ভাৰত মন্থন: সংকল্পৰ পৰা সিদ্ধি" শীৰ্ষক অনুস্থান উদযাপন

যোৱা ২৭-০৮-২০১৭ তাৰিখে কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ চৌহদত প্ৰধান মন্ত্রীৰ আহ্বান ক্ৰমে আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অৰ্থ সাহায্য়ত "নৱ ভাৰত মন্থন: সংকল্পৰ পৰা সিদ্ধি" শীৰ্ষক অনুস্থান উদযাপিত হৈ যায় | উক্ত অনুস্থানত প্ৰধানমন্ত্রীৰ বাৰ্তা আৰু শপত বাক্য় পাঠ কৰে ৰেল ৰাজ্য় মন্ত্রী শ্রী ৰাজেন গোঁহায়ে | মুখ্য় অতিথি হিচাপে উপস্থিত থকা মন্ত্রী গৰাকীয়ে ভাষন প্ৰসংগত কয় যে কৃষক সকলৰ কল্য়াণৰ অৰ্থে বৰ্তমানৰ চৰকাৰে এলানি আশাব্য়ন্জক আঁচনি ৰূপায়ন কৰিবলৈ লৈছে আৰু এই আঁচনিসমূহৰ যোগেদি কৃষকৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাৰ ব্য়ৱস্থা গ্ৰহন কৰা হৈছে | তেখেতে কিছু সংখ্য়ক কৃষকৰ মাজত ভূমি স্বাস্থ্য় পত্রও বিতৰণ কৰে |

অনুস্থানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বৰপেটা আৰু বাঘবৰ বিধান সভা সমষ্টিৰ বিধায়কদ্বয় শ্রী গুনীন্দ্ৰ নাথ দাস আৰু শ্রী চেৰমান আলী ডাঙৰীয়া | কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ জোষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড. অৰূপ কুমাৰ ডেকাই আঁত ধৰা অনুস্থানটিৰ আৰম্ভনিতে আদৰণি ভাষণ আগবঢ়ায় অসম কৃষি বিশ্ববিদ্য়ালয়ৰ সম্প্ৰসাৰন শিক্ষা সঞ্চালক ড. হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচায্য়দেৱে | তেখেতে "সংকল্পৰ পৰা সিদ্ধি" অনুষ্টানটিৰ তাৎপৰ্য্য় ব্য়াখ্য়া কৰে | উক্ত অনুস্থানত সমলব্য়ক্তি হিচাপে আই. চি. এ. আৰৰ কৃষি প্ৰযুক্তি ব্য়ৱহাৰিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড. এ. কে. ত্রিপাঠীয়ে ভাষণ প্ৰদান কৰে | অন্য়ান্য় অতিথিৰ ভিতৰত ড. কানহাইয়া চৌধুৰী, সঞ্চালক, সম্প্ৰসাৰন বিভাগ, আই. চি. এ. আৰ, ড শংকৰ দাস, বিশিষ্ট শিক্ষাবিদ, শ্ৰী মনোজ চিকাৰিয়া, অতিৰিক্ত উপায়ুক্ত, বৰপেটা আৰু ৰাজ্য় চৰকাৰৰ কৃষি, জলসিঞ্চন, পশুধন, মীন, জিলা উদ্য়োগ, ৰেচম আৰু বেংকৰ বিষয়া সকলে অংশ গ্ৰহন কৰে | বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা মুঠতে ৮০০ ৰো অধিক কৃষক উপস্থিত থকা সভাখনৰ বিয়লি ৫ বজাত সফলতাৰে সামৰনি পৰে |

Tags: